about
গুৱাহাটীৰ মাজ মজিয়াত থকা কাহিলীপাৰা দক্ষিনগাওঁৰ সন্তান আমিনুল হক । তেওঁ জীৱনত ভাৰতৰ আগশাৰীৰ বৈজ্ঞানিক হোৱাৰ সপোন দেখিছিল । হ’ব পৰা নাই যদিওঁ আশা এৰা নাই , লগতে নিজৰ গাওঁ খনৰ পৰা আৰম্ভ কৰি নিজৰ দেশ খনক কেনেকৈ আগুৱাই লৈ যাব পৰা যায় তাৰে এক প্ৰচেষ্টা চলাই ৰাখিছে, ইয়াৰ কাৰণে কিছু কামো কৰি থকা দেখা গৈ আছে , যি কামে সমাজত বহুতো অৱদান দিছে তাৰে কিছু এই লিখনিৰ জৰিয়তে প্ৰকাশ কৰিব ওলাইছোঁ ।
আমিনুল হকে সাধাৰন শিক্ষা নিজৰ চহৰ গুৱাহাটীতে অৰ্জন কৰে ,লগতে বিভিন্ন কৰ্মৰ অৰ্হতা অৰ্জন কৰিবলৈ আৰম্ভ কৰে । আমিনুল হকে সৰুৰে পৰা বিভিন্ন কামত জড়িত হৈ আছিল ,আৰু যেতিয়া কিতাপ অধ্যয়ন কৰিছিল তেতিয়া ভাবিছিল যে যদি কোনোবা কিতাপত মোৰ নাম থাকিলে হেতেন অথবা যদি মই নিজে এখন কিতাপ লিখিব পাৰিলোঁ হেতেন । কিন্তু সেই সময়ত পঢ়া – শুনাত ইমান মেধাৱী নাছিল আমিনুল হক । একে লেঠাৰিয়ে পঢ়া – শুনা চলি থাকে মেট্টিক আৰু হায়াৰ চেকেনডাৰি । পিছত যে “কেতিয়াবা নিজে কাম কৰিব লাগিব ,নিজে কিবা এটা ভাল কাম কৰিলে হে জীৱনত আগুৱাই যাব পাৰিম” সেই হেঁপাহ জাগি উঠে । এই প্ৰচেষ্টাৰে নানা ধৰনৰ পঢ়া – শুনাত গুৰুত্ব দি সেই কাম বিলাক কৰিবলৈ আৰম্ভ কৰিলে যেনে – টেলিফোন ৰিপায়াৰিং, ইলেক্টৰ্নিক মটৰ ৰিৱাইন্দিং , ইলেক্ট্ৰনিক হোম এপ্লাইঞ্ছ ,মটৰ চাইকেল ৰিপায়াৰিং ,ফায়াৰ ফাইটিং ইকুইটমেন্ত হেন্দেলিং ,ওৱাটাৰ চেনিটাইজেশ্বন, ওৱেব ছাইট দিছজাইনিং এনে ধৰনৰ নানাবিধ শিক্ষা লৈ থাকে ।
অৱশেষত আমিনুল হকে কম্পিউটাৰৰ কোৰ্চ গান্ধি ইন্সটিটিউটত আই টিৰ ট্ৰেনিং লোৱা আৰম্ভ কৰে তাত তেওঁ বহুত তৃপ্তি পায় আৰু নিজৰ প্ৰতিভা বিচাৰি পায় , কম্পিউটাৰৰ কাম এনেকৈ আৰম্ভ কৰে যে ইন্ঞ্ছটিটিউটৰ পৰা দিয়া হম ওৱাৰ্ক বোৰ শেষ কৰাৰ পিছত নিজেই অনুশীলন কৰি কৰি নিজৰ অজানিতেই কেতিয়াবা গোটেই ৰাতি শেষ হৈ যায় । যাৰ ফলশ্ৰুতিত গান্ধি ইন্সটিটিউটৰ পৰা ২০১৪ বৰ্ষত তেওঁ অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লৈ উৰ্তী ীণ হয় ।
সেই সময়ছোৱাতে প্ৰথমবাৰৰ বাবে কলিকতাত অনুষ্ঠিত হোৱা পৃথিৱী ভিত্তিক আৰ্ট প্ৰতিযোগিতা পিকাচু আৰ্ট কম্পিটিছ্নত অংশ গ্ৰহন কৰে ,তেওঁ পৃথিৱী ভিত্তিক সপ্তমস্থান দখল কৰি ষ্টাৰ আৰ্টিছ পদবি পায় । ইয়াৰ আগতেও তেওঁ জিলা ভিত্তিক আৰু ৰাজ্যিক ভিত্তিক বহুতো আৰ্ট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু বহু বঁটা পাবলৈ সক্ষম হয় । পিকাচু আৰ্ট কম্পিটিছ্নত কৰা নন অৱজেক্ট আৰ্ট খনত বহু কথা একেখন কাগজত অংকন কৰি দেখুওৱা হৈছে সেই ছবিখনত বাল্য কালত হোৱা সৰু সৰু অসুবিধা ,কৈশৱ,যৌৱন,ডেকা, ,বুঢ়া কালৰ কথা আৰু পিছত অকাল মৃত্যুক সাৱটি লোৱা কিন্তু নিজৰ আশা বোৰ ৰৈ যোৱাৰ বিষয়ে অংকনৰ কৰি বোজোৱা হৈছে ।
ইয়াৰ পিছতে তেওঁ নিজৰ কম্পিউটাৰত লিখি থোৱা কম্পিউটাৰ ক্লাছৰ টোকা বোৰ মাজে মাজে তেওঁ পঢ়ি থাকে ,এদিনাখন তেওঁ নিজৰ খুৰাৰ লগত কথা পাতি থাকোঁতে খুৰাই ক'লে লিখি থোৱা কম্পিউটাৰৰ টোকা বোৰেৰে এটা কিতাপ নিলিখা কিয় ? এই কথা শুনি তেওঁ টোকাবোৰেৰে কিতাপ হিচাপে লিখিবলৈ আৰম্ভ কৰিলে ,লিখনি বোৰ লিখিবলৈ আৰু কিতাপ প্ৰস্তুত কৰিবলৈ প্ৰায় এক বছৰ সময় লাগে আৰু ৩০২ পৃষ্ঠাৰ এখন কিতাপ প্ৰস্তুত কৰি উলিয়ালে ,এই কিতাপ খনৰ নাম দিয়া হল ‘ কম্পিউটাৰ ইঞ্ছপায়াৰ বুক ’ । এই কিতাপখনত ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা ল'ব পৰা কিছু নতুন আৰু নিতৌ প্ৰয়োজনীয় পাঠ দিয়া হৈছে ,যেনে – কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল , পৃথিৱীৰ প্ৰথম কম্পিউটাৰ কেনেকুৱা আছিল ,এখন কম্পিউটাৰৰ ৰেম কেনেকৈ হাৰ্দিক্সৰ পৰা বঢ়াব পাৰি টিপছ আৰু টিৰিক্ছ, মাইৰোছোফ্ট এক্সেল , মাইক্ৰছোফ্ট পাৱাৰ পইন্ট , মাইক্ৰছোফ্ট ৱাৰ্দ ,ছফ্টৱেৰ ,হাৰ্ডুয়েৰ আৰু নানান ধৰণৰ কম্পিউটাৰৰ বিষয়ে ইয়াত লিপিবদ্ধ কৰা হৈছে । এই কিতাপ ২০১৬ বৰ্ষত প্ৰকাশ পায়, আৰু ছাত্ৰ ছাত্ৰীয়ে এই কিতাপ খনক সহজতে আকোৱালি লয় । ইয়াৰ পিছতো তেওঁ এদৱ ফটোছপ ,পেজমেকাৰ ,কৰেল ড্ৰো , মাইৰোছোফত ৱাৰ্দ ২০১০/২০১৩,ছৰ্টকাট কীবৰ্ড কিতাপবোৰো প্ৰকাশ পায় ।
আমিনুল হকে কম্পিউটাৰ হাৰ্ডুয়েৰৰ কাম কৰি থাকোঁতে হঠাতে এদিন তেওঁ ভাবিলে যে কিয়নো মই এটা কম্পিউটাৰ ডেভলপ নকৰোঁ কিয় ? এই কথা ভাবি এক নতুন ধৰনৰ কম্পিউটাৰ ডেভ্লপ কৰাৰ প্ৰস্তুতি ললে, কম্পিউটাৰটোৰ নাম দিয়া হল – HPC ( হক পাৰ্ছেনেল কম্পিউটাৰ ) এই কম্পিউটাৰত সাধাৰণ কম্পিউটাৰৰ গুণ থকাৰ পিছতো কিছুমান নতুন প্ৰযুক্তি যোগ কৰিলে । যেনে – ৱাটাৰ কোলিং চিষ্টেম , উন্নত মানৰ ৱাই - ফাই ,উন্নত মানৰ হাৰ্ডডিস্ক ,এম্পিলিফায়াৰ চিষ্টেম ,ডাঙৰ মাইক্ৰ’ফোন , লগোৱা ব্যৱস্থা একে সময়তে সাতখন মনীটৰ সংযোগ কৰিব পৰা ব্যৱস্থা ,লেজাৰ কীবৰ্ড , বিশেষ লাইট চিষ্টেম , আৰু নানা বিধ নতুন প্ৰযুক্তি ইয়াত দিয়া হৈছে ।
ইয়াৰ লগতে আৰু এটা ছাৰকিট বৰ্ড ডেভলপ কৰিছে সেই যন্ত্ৰটোৰ নাম দিয়া হৈছে HOCK KEYBOARD KET,এই যন্ত্ৰটিৰ সহায়ত একে খন কীবৰ্ডেৰে ১০ টা বা ততোধিক কম্পিউটাৰ পৰিচালিত কৰিব পৰা যাব, সাধাৰণ কম্পিউটাৰত এখন কীবৰ্ড ব্যৱহাৰ হয় বা ব্যৱহাৰ কৰা দেখা যায় কিন্তু চাইবাৰ লেব আৰু COMPUTER STATION বোৰত বহু কম্পিউটাৰ একেলগে ব্যৱহাৰ হয় যিহেতুকে বহু কীবৰ্ডেৰে টেবুল ভৰি পৰে সেই বাবে এই HOCK KEYBOARD KET ৰ জৰিয়তে একেখন KEYBOARD ৰে সকলো কম্পিউটাৰ নিয়ন্ত্ৰিত কৰিব পাৰিব। ইয়াৰ লগতেই আমিনুল হকে আৰু কিছু আৱিষ্কাৰ কৰাৰ চেষ্টাত আছে । যেনে - এক নতুন আধুনিক মানৰ হোম চিকিউৰিটি ছিছটেম , বতৰৰ ব্যৱধান নিয়ন্ত্ৰিত কৰা ফৰমুলা অনান্য ।
আমিনুল হকে এন্দ্ৰইড ছফটোএৰ ডেভেলপ সূদুৰ জাপানৰ পৰা অনলাইন যোগে এই শিক্ষা গ্ৰহণ কৰে। ২০১৭ চনত এই শিক্ষা সম্পন্ন হয়। আমিনুল হকে এই এন্দ্ৰইড ছফ্টোৱেৰ ডেভলপাৰৰ শিক্ষা গ্ৰহণ কৰি এন্দ্ৰইড ছফ্টৱেৰ ডেভেলপাৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে,আৰু তেওঁ বহু এন্দ্ৰইড ছফ্টৱেৰ বনাবলৈও সক্ষম হয় ।
লগতে 2019 চনৰ পৰা আমিনুল হকে আমেৰিকাৰ বাবেও এটা এন্দ্ৰইড ছফ্টৱেৰ ডেভেলপ কৰি আছে যি ছফ্টোৱেৰে দ্ৰুতগতিৰে বয়- বস্তু ডেলিভাৰি কৰাত সহায় কৰিব আৰু নানা ধৰণৰ ছফ্টোৱেৰ আমিনুল হকে ডেভেলপ কৰে, অলপতে তেওঁ ঐতিহাসিক প্ৰেক্ষাপট নামৰ এখন কিতাপো এন্দ্ৰইড ছফ্টৱেৰ হিচাপে ডেভেলপ কৰে উন্মোচনী সভাত ভাৰতৰ এজন জনপ্ৰিয় সংসদ সদস্য, আৰু অসমৰ বহু বিধায়ক মন্ত্ৰী তথা বহুতো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই ছফ্টোৱেৰৰ উন্মোচনী হয়।
এই বোৰ কাম কৰাৰ পিছতো আমিনুল হকে এতিয়া আই টি ডিপাৰ্টমেণ্টত আৰু এন্দ্ৰইড ছফ্টোৱেৰ ডেভেলপাৰ হিচাপে কাম কৰি নিজৰ জীৱন গঢ় দিবলৈ চেষ্টা কৰি আছে । গতিকে তেওঁ সকলোৰে পৰা আশীৰ্বাদ বিচাৰি এই কথা খিনি আমাক প্ৰকাশ কৰিছে ।